মুখ্য পৃষ্ঠা
13/09/25
18:35
বসন্তৰ অকবিতা
বসন্তৰ সেমেকা বাট
ঋতুৰ এখনি নাট
ছিপ ছিপ বৰষুণত তিতিছে
এখিলা দুখিলা গছৰ কুঁহিপাত |
এপাহি দুপাহি কপৌ ফুল
চেনাহীৰ হাতত জেতুকাৰ বোল
গাঁৱে গাঁৱে বাজিছে
বিহুৱা ডেকাৰ ঢ়োল |
আগলি বাঁহৰ লাহৰি গগনা
দুভাগ ৰাতি কুলিৰ মাত সুৱলা
বিহুৱটী গাভৰুৰ দেহাত জিলিকে
কেৰু মণি গামখাৰু গহনা |
আয়ে বোৱা ফুলাম গামোচা
আমি অসমীয়া লুইত পৰীয়া
ঘৰে ঘৰে গৈ বিহু মাৰো
ডেকা গাভৰু সবে বিহুতে বলিয়া |
____ৰাজু
05/04/15